
জম্বী বিষয়ক চিনেমাসমূহৰ ওপৰত গৱেষণা কৰা গৱেষক এগৰাকীয়ে প্ৰসংগক্ৰমে এবাৰ এইবুলি মন্তব্য কৰিছিল যে—Zombie stories are not just entertainment, but preparation for life.
জীৱনৰ বাবে সাঁজু৷
কেনেকুৱা ধৰণৰ জীৱনৰ বাবে আৰু কেনেদৰে সাঁজু হোৱাৰ কথা কোৱা হৈছে বাৰু এই চিনেমাসমূহৰ দ্বাৰা?
জম্বী বিষয়বস্তুৰ চিনেমাবোৰে কেনেদৰে আমাক সজাগ অথবা সাঁজু কৰিব পাৰে পৰৱৰ্তী জীৱন-যুদ্ধৰ বাবে?
এইখিনিতে প্ৰশ্ন হয়— জম্বী নাইবা কানিৱলইজম বিষয়বস্তুক লৈ নিৰ্মীত চিনেমাবোৰৰ ইমান লানি নিচিগা সোঁত কিয়? অথবা এইসমূহ চিনেমাৰ প্ৰতি সাধাৰণ দৰ্শকৰ মনোভাৱ কেনেকুৱা?
Night in the living dead ৰ পৰা আৰম্ভ কৰি A Train to Busan, White Zombie, World war Z, Resident Evil series, Welcome to Zobieland ৰ পৰা আৰম্ভ কৰি শেহতীয়া 30 Days Latter, 30 years Latter, The Walking Dead, The Last of Us আদি চিৰিজলৈ?
কিমানখনৰ নাম ল’ব আপুনি?
ইখনৰ পাছত সিখন নিৰ্মাণ হৈ আছে এই বিষয়বস্তুৰ চিনেমা৷ আপুনি মই গন্তি কৰি শেষ কৰিব নোৱাৰিম৷
কিন্তু আচৰিত কথা যে জম্বী নাইবা কানিৱলইজমৰ ওপৰত নিৰ্মিত চিনেমাসমূহৰ প্ৰতি একাংশ লোকৰ মনোভাৱ কিন্তু যথেষ্ট পৰিমাণে ঘৃণাসুচক৷ কল্পনাপ্ৰসুত এসোপা জাৱৰ হিচাপে গণ্য কৰে এচামে৷ ঘৃণা আৰু বিতৃষ্ণাত কোচাই দিয়ে নাক৷ চিনেমাবোৰৰ অতি ভয়ংকৰ আৰু ঘৃণনীয় দৃশ্যৰাজিৰ লগত বহু দৰ্শকেই একাত্ম হ’ব নোৱাৰে৷ চকু বন্ধ কৰি দিবলগীয়া সীমাহীন ঘৃণনীয় দৃশ্যৰাজিয়ে কঁপাই তোলে সাধাৰণ দৰ্শকৰ বুকু৷ তেনেবোৰ কাৰণতে বহুসংখ্যক দৰ্শকে জম্বী এপোক্লিপচ্ বিষয়ক চিনেমাবোৰ উপভোগ কৰিবলৈ অমান্তি হয়৷
তেওঁলোকে বিশ্বাস কৰে যে পৃথিৱীত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হোৱাটো কেতিয়াও সম্ভৱ নহয়৷ এই পৃথিৱীখনক কেতিয়াও শাসন কৰিব নোৱাৰিব জম্বীসকলে৷ উদ্ভৱ নহয় তেনেকুৱা ধৰণৰ ভাইৰাচ৷
কিন্তু ইমানৰ পাছতো বলিউদ হলিউদ কিম্বা কোৰিয়ান পৰিচালককে ধৰি বিশ্বৰ অজস্ৰ চিনেমা পৰিচালকে যথেষ্ট ধন খৰচ কৰি তথা চমৎকাৰ কাৰিকৰী কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰিয়েই আছে তেনে চিনেমা কিম্বা চিৰিজ৷ আচৰিতভাৱে মানুহৰ মন মগজুক হতচকিত কৰিব পৰা তেনেধৰণৰ চিনেমাই সফল ব্যৱসায় কৰাই নহয়, চিনেমা অথবা চিৰিজবোৰৰ অতি জনপ্ৰিয়তাত পৰিচালক বাধ্য হৈছে তেনে চিনেমা-চিৰিজৰ চিক্যুৱেল নিৰ্মাণ কৰিবলৈ৷
জম্বী ভাইৰাছত আক্ৰান্ত মানুহৰ ভয়ানক ৰক্তাৰক্তি কাণ্ডৰ এই ছবি সমূহৰ প্ৰতি এচাম মানুহৰ তেন্তে আকৰ্ষণ শেষ হৈ যোৱা নাই কিয়? সমীক্ষামতে আজিৰ তাৰিখত ইয়াৰ দৰ্শকৰ সংখ্যা বাঢ়িছেহে৷ ইয়াৰ জ্বলন্ত উদাহৰণ হ’ল নেটফ্লিক্সযোগে প্ৰচাৰিত The walking dead, The Last of Us আদি চিৰিজৰ জনপ্ৰিয়তা৷
অৱশ্যে ইয়াৰ মাজতে আমাৰ মাজৰে এচাম লোকে এই বুলি কব খোজে যে জম্বী বিষয়বস্তুৰ চিনেমাসমূহে সমগ্ৰ বিশ্বতে এণ্টি-ইষ্টাব্লিচমেণ্ট ধ্যান ধাৰণা এটাৰ প্ৰসাৰ ঘটাইছে৷ পুঁজিবাদৰ ভয়ানক উত্থানে যে এদিন সাধাৰণ মানুহ আৰু প্ৰকৃতিক বিপৰ্যস্ত কৰি তুলিব সেই কথা এই চিনেমাসমূহত প্ৰকট হৈ পৰা দেখা যায়৷ এই চিনেমাসমূহে চৰকাৰ বিৰোধী আৱাজবোৰকো যথেষ্টখিনি উৎসাহ যোগাই আহিছে বুলিও কব খোজে কিছুমানে৷ এখোপ আগবাঢ়ি এচামে আকৌ এই চিনেমা সমূহক লগাই দিব বিছাৰে লেফ্ট লিবাৰেলৰ লেবেল৷ আজিকালি এই লেফ্ট-লিবাৰেলৰ ভুত য’তে-ত’তে প্ৰত্যক্ষ কৰে আমাৰ দেশৰ এচাম অতি দেশপ্ৰেমিকে৷ চৰকাৰী পক্ষৰ হৈ ওকালতি নকৰিলেই লগাই দিয়ে দেশদ্ৰোহী আৰু বাঁওপন্থীৰ লেবেল৷ বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশখনত এতিয়া চলি আছে এনেকুৱাই এক বাতাবৰণ৷ মুক্তভাৱে কথা কব নোৱাৰা, চৰকাৰৰ ভুল নীতিবোৰ আঙুলিয়াই দিব নোৱাৰা এইধৰণৰ বাতাবৰণ এটা চলি আছে এইসময়ত৷
সেইবোৰ থাকক৷
কথা হ’ল এই ছবি সমূহৰ প্ৰতি মানুহৰ তেন্তে ইমান আকৰ্ষণ কিয়?
নাইবা ইমান বিৰোধেই বা কিয়?
ইয়াৰ কিছু কাৰণ নথকা নহয়৷
কথাবোৰ অলপ অন্য ধৰণে বিশ্লেষণ কৰো আহক আমি৷
ইয়াৰ ভিতৰত আমি এটা কাৰণ ধৰি ল’ব পাৰো যে চলতি সময়ত মানুহৰ জিঘাংসু মনক তৃপ্তি দিবলৈ ইয়াতকৈ আৰু ভাল মচলা মিশ্ৰিত উপকৰণ হয়তো নাই৷
জম্বী ছবিৰ পৰিচালকসকলে দৰ্শকৰ মনোজগতৰ সেই খবৰৰ কথা নিশ্চয় অজান নহয়৷ সেয়েহে এইধৰণৰ চিনেমাৰ ৰক্তক্ষয়ী দৃশ্যৰাজিবোৰ অতি বাস্তবিক কৰিবলৈ পৰিচালকসকলে কোনোধৰণৰ ত্ৰুটিয়েই এৰা দেখা নাযায়৷ চমৎকাৰ কাৰিকৰী কৌশলৰ প্ৰয়োগেৰে সেইধৰণৰ চিনেমাবোৰক বাস্তৱধৰ্মী কৰি পেলাই এৰি দি আহিছে আমাৰ দৰে দৰ্শকৰ মাজত৷ স্বাভাৱিককতে আমি যে সেইধৰণৰ জিঘাংসু কাৰ্যকলাপৰ ঘটনা পৰিঘটনা সম্বলিত চিনেমাবোৰৰ প্ৰতি আকৰ্ষিত সেই কথা আমাৰ অৱচেতন মনে অনবৰতে কঢ়িয়াই লৈ ফুৰে৷ আমাৰ মনৰ মাজত সোমাই থকা অসুৰ মনটোৱে প্ৰকৃততে বাৰম্বাৰ বিচাৰি থাকে মনৰ সুপ্ত অৱস্থাৰ পৰা জাগ্ৰত হ’বলৈ৷ আমি সঁচাকৈয়ে মনৰ মাজত পালন কৰি থাকো এক অসুৰ চৰিত্ৰক৷
সেয়েহে আমাক লক্ষ্য কৰি তেনেধৰণৰ অজস্ৰ চিনেমা, ডকুমেণ্টেৰী, ভিডিও গেম নিৰ্মিত হৈ আছে আৰু ভোকাতুৰৰ দৰে আমি গোগ্ৰাসে গিলি পেলাইছো৷ ছবি নিৰ্মাতাই উৎকৃষ্ট ব্যৱসায় কৰিছে হয় কিন্তূ কোনোবাখিনিত আমি যে বলি হৈ গৈ আছো সেই কথাহে আমাৰ বোধগম্য নহয় কিজানি৷ ৷
ভয়ানক নৰহত্যা, ৰক্তাৰক্তি কাণ্ড, দলবদ্ধভাৱে বলাৎকাৰ, হিংসা, ধৰ্মীয় ভাবাবেগত আঘাত সানিব পৰা বক্তব্য, প্ৰয়োজনহীন যৌন উদ্দীপক দৃশ্যাৱলী—এইবোৰ হ’ল বেছিসংখ্যক চিনেমা আৰু চিৰিজৰে সমল৷ এয়াই চিনেমা এখন বজাৰ দখল কৰাৰ কৌশল৷ এইবোৰ দৃশ্যৰাজি সংমিশ্ৰিত হৈ নাথাকিলে আমাৰ এচাম দৰ্শকে কিছুমান চিনেমাক প্ৰত্যাখ্যানেই কৰি পেলায়৷ প্ৰকৃততে আমাৰ মনৰ ভিতৰৰ কোনোবাখিনিত লুকাই থকা জিঘাংসু মনটোৱে কৰবাত যেন প্ৰতিফলিত হোৱাটো বিচাৰে৷ আমাৰ দানৱীয় মনটোৱে বাৰে বাৰে ৰক্তৰ নদী বোৱাই হলেও নিজৰ প্ৰভুত্বই বিচাৰে৷
চিনেমা হ’ল যেন তেনে প্ৰতিফলনৰ এক উৎকৃষ্টতম মাধ্যম৷ অকল জম্বী বিষয়ক চিনেমাই নহয় বলিউদ অথবা হলিউডত এনেকুৱা অজস্ৰ চিনেমাই মানুহৰ মন-মগজু একপ্ৰকাৰ টক্সিক কৰি পেলাইছে৷ ভাৰতত এনিমেল, কাশ্মীৰ ফাইলচ্ তেনে চিনেমাৰ উৎকৃষ্ট উদাহৰণ৷
আচৰিত আৰু মজাৰ কথাটো হ’ল চিনেমাৰ সেই দৃশ্যাৱলীতকৈও আমি কৰি আহিছো অতি ভয়ংকৰ কাণ্ডকাৰখানা৷ চিনেমাৰ দৃশ্যতকৈও আমি হৈ পৰিছো অতি নিৰ্মম৷
কাৰণ এজাক জিঘাংসু লোকে আগুৰি ধৰি কৰা গণহত্যাৰ দৃশ্যৰাজি আমাৰ কেমেৰাত বন্দী কৰি আজিকালি আমি অধিক তৃপ্তি পাওঁ৷ আমি অধিক তৃপ্তি পাওঁ সেইবোৰ সামাজিক মাধ্যম কিম্বা সংবাদমাধ্যমত প্ৰচাৰ কৰি৷
আমাৰ হিংসা আৰু নৃশংসতাৰ ৰক্তবাহী ধমনীবোৰ প্ৰাণ পাই উঠে কৰবাত মৱ লিনচিংৰ ভিৰ দেখিলে৷
আমি সোমাই যাওঁ সেই ভিৰৰ মাজত আৰু ৰাজপথতে কাৰোবাৰ কাটি পেলাওঁ ডিঙি৷
আমি জ্বলাই দিওঁ কোনোবা বৃদ্ধাৰ শৰীৰ ডাইনীৰ অপযশ জাপি দি৷
আমাৰ তেজে তেজেহে যেন বৈ থাকে নৃশংসতাৰ ৰক্তনলী৷
আচলতে আমাক অভ্যস্ত কৰি পেলোৱা হৈছে৷ আমি মধ্যপ্ৰাচ্যৰ ঘাতক সন্ত্ৰাসবাদীবিলাকৰ নিষ্ঠুৰ ডিঙিকটা দৃশ্যৰাজিৰ পোনপটীয়া সম্প্ৰচাৰো চাইছো আৰু ইতিমধ্যেই সেইবোৰৰ প্ৰতি আমাৰ মনোভাৱ লাহে লাহে সহজ হৈ পৰিছে৷ শ শ মানুহৰ শাৰী পাতি থোৱা মৃতদেহবোৰ দেখিলে হয়তো আমি পূৰ্বতকৈ মাত্ৰাধিক ইচ আচ হায় হায় নকৰো৷ আমি সহজ হৈ পৰিছো৷ আমাৰ মানসিক স্বাস্থ্যই হিংসা আৰু ৰক্তৰ ধাৰাক এতিয়া অধিক সহজতৰ তথা স্বাভাৱিক বুলি গ্ৰহণ কৰি লৈছে৷ আমি স্মৃতিৰ পৰা মচি পেলাইছোঁ নেলীৰ হত্যাকাণ্ড; গুজৰাট-গোধৰা এতিয়া অতীত৷
কেতিয়াবা ধৰ্মৰ নামত, কেতিয়াবা প্ৰভুত্ব বিস্তাৰৰ নামত, কেতিয়াবা শাসন আৰু শাসকৰ স্বাৰ্থত, কেতিয়াবা তুচ্ছ ব্যক্তিগত কাৰণত৷
প্ৰকৃততে এয়াই সত্যনে?
আমাৰ মানসিক স্বাস্থ্যৰ এয়া উত্তৰণ নে অধঃপতন?
এই যে এজাক উন্মাদ উন্মত্ত মানুহ মিলিত হৈ বাৰে বাৰে কোনোবা পুৰুষ বা মহিলাক হানি খুচি হত্যা কৰি গৈছে? দলবদ্ধভাৱে বলাৎকাৰ কৰি অসহায় নাৰীৰ কাটি পেলোৱা হৈছে গুপ্তাংগ, যৌনাংগত সোমাই দিয়া হৈছিল লোহাৰ ৰ’ড৷ ঘৰত গো মাংস ৰখাৰ অপৰাধত মহম্মদ আখলাকক হত্যা কৰা হৈছিল, উত্তৰ প্ৰদেশৰ উন্নাও, পশ্চিমবংগৰ আৰ জি কৰৰ ধৰ্ষিতা যুৱতীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই হত্যা কৰা হৈছিল৷ অসমৰ কাৰ্বি পাহাৰত সোপাধৰাৰ সন্দেহত নিষ্ঠুৰতাৰ বলি হৈছিল অভি-নীলে, একেই সন্দেহতে গণহত্যাৰ বলি হৈছিল হিন্দু সন্ত এগৰাকী, হাজোৰ সনাতন ডেকাৰ দৰে সাধাৰণ গৰীৱ পাচলি ব্যবসায়ী৷ অসমৰ তামুলপুৰত অভিষেক দাস নামৰ ২৩ বছৰীয়া যুৱক এজনক সাধাৰণ গাড়ী দুৰ্ঘটনা এটক কেন্দ্ৰ কৰি নিৰ্মমভাৱে হত্যা কৰা হ’ল৷
সৌ সিদিনা বাংলাদেশত এজাক ধৰ্মান্ধ উন্মাদ দানৱে হিন্দু হোৱাৰ বাবেই দীপু চন্দ্ৰ দাস নামৰ যুৱকজনক ৰাজপথত ওলোমাই লৈ নৃশংসভাৱে হত্যা কৰে৷ বাংলাদেশত হিন্দু হত্যাৰ এই উন্মাদনা প্ৰত্যক্ষ কৰিবলৈ শ শ মানুহ জমা হৈছিল৷ নিজৰ নিজৰ মোবাইল কেমেৰাৰে ফটো ভিডিও লৈছিল৷ আস! কি ভয়ংকৰ আছিল সেই জীৱন্তে জ্বলাই দিয়াৰ বন্য উন্মাদনা….

এনেকুৱা উদাৰণ অজস্ৰ দিব পাৰি এতিয়া৷
প্ৰতিনিয়ত বাঢ়ি গৈ থকা এই ঘটনাপ্ৰৱাহক লক্ষ্য কৰিলে আমি কি দেখা পাওঁ?
ধৰ্ম, অন্ধবিশ্বাস, মৌলবাদী চিন্তা, সাম্প্ৰদায়িক মনোভাৱকে ধৰি মানৱতা আৰু মানসিক স্বাস্থ্যৰ চূড়ান্ত অৱক্ষয়কামী ৰোগবোৰেই আমাক ঘেৰি ধৰিছে এতিয়া৷ পৰিচিতি সত্ত্বাৰ ৰাজনীতি আৰু অস্তিত্বৰ সংকটে আমাক এতিয়া নৃশংস হ’বলৈ উদগণি যোগায় প্ৰতি খোজতে৷
সেয়ে আমি “মৱ লিনচিং’’ কৰো৷ ৰাজনৈতিক নেতা আৰু ধৰ্মীয় মৌলবাদীৰ ভাষণ মতে৷
কিন্তু এই ‘মৱ লিনচিং’ আধুনিক পৃথিৱীৰ বাবে হৈ পৰিছে ভয়ংকৰ এক অভিশাপ৷
লিনচিং এতিয়া পৃথিৱীৰ কোনোৱা নহয় কোনোবা প্ৰান্তত প্ৰতিনিয়ত ঘটি থকা এটা সহজতৰ ঘটনা৷ যেন সদ্য মুক্তিপ্ৰাপ্ত এখন চিনেমা৷ প্ৰতি সপ্তাহত যিবোৰ মুক্তি দিয়া হয় চিত্ৰগৃহবোৰত৷ আজি যদি উত্তৰ প্ৰদেশ কাইলৈ ৰাজস্থান পৰহি অসম তাৰপিছত চেন্নাই, বাংলাদেশ, পাকিস্তান৷
হঠাৎ কেতিয়াবা আপুনি বা ময়ো হৈ যাব পাৰো সেই মৱ লিনচিংৰ চিকাৰ৷
একো তৎ ধৰিব নোৱাৰাকৈয়ে৷
এইখিনিতে আমি মৱ লিনচিংৰ ইতিহাস এবাৰ খুচৰি চাও আহক৷
পৰিচিতি সত্ত্বাৰ ৰাজনীতি আৰু অস্তিত্বৰ সংকটে আমাক এতিয়া নৃশংস হ’বলৈ উদগণি যোগায় প্ৰতি খোজতে৷
সেয়ে আমি “মৱ লিনচিং’’ কৰো৷ ৰাজনৈতিক নেতা আৰু ধৰ্মীয় মৌলবাদীৰ ভাষণ মতে৷
কিন্তু এই ‘মৱ লিনচিং’ আধুনিক পৃথিৱীৰ বাবে হৈ পৰিছে ভয়ংকৰ এক অভিশাপ৷
১৮ শ শতিকাৰ শেষৰ ফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া প্ৰদেশৰ বিচাৰক চাৰ্লছ লিনচিংৰ নামটোৰ পৰাই সম্ভৱতঃ এই লিনচিং শব্দটোৰ উৎপত্তি৷ যদিও এইক্ষেত্ৰত বহুতৰ মতৰ অমিল আছে৷ তথ্য মতে চাৰ্লছ লিনচিং নামৰ সেইসময়ৰ বিচাৰপতিজনাই হেনো অপৰাধৰ অভিযোগত কাৰাবন্দী হৈ থকা বহুলোকক বিনা বিচাৰেই পোতাশালত নিক্ষেপ কৰিছিল৷ বিভিন্ন অভিযোগত অভিযুক্ত লোকসকলক তেওঁ আইনৰ আওতাত বিচাৰ কৰাৰ কোনোধৰণৰ মানসিকতাই ৰখা নাছিল৷ এক কথাত চিধাচিধি পোঁতাশাল৷ এইধৰণৰ এক অশুভ আৰু জনবিৰোধী প্ৰথাৰ প্ৰচলনকাৰী চাৰ্লছ লিনচিংৰ নামটোৰ পৰাই পৰৱৰ্তীকালত লিনচিং শব্দটোৰ ব্যাপক প্ৰচলন হয় বুলি কব খোজা হয়৷ গণতন্ত্ৰ য’ত অনুপস্থিত, আইন আদালত য’ত মাথোঁঁ এক প্ৰহসন তাত চাৰ্লচ লিনচিংৰ দৰে লোকসকলেই আছিল সৰ্বেসৰ্বা৷
ইয়াৰোপৰি সেই সময়ৰ আমেৰিকাৰ অস্থিৰ সমাজব্যৱস্থাৰ আন এক ভয়ংকৰ প্ৰতিফলন আছিল ku klux klan চমুকৈ kkk ৰ সন্ত্ৰাসী কাৰবাৰবোৰ৷ আমেৰিকান চিভিল ৱাৰৰ পাছত বগা মানুহৰ প্ৰভুত্ব বিস্তাৰৰ নামত ইহুদী, কলা ছালৰ আফ্ৰিকান প্ৰব্ৰজনকাৰী তথা বাঁওপন্থীসকলোক সেইসময়ত পাইকাৰী হাৰত মৱ লিনচিং কৰিছিল এই ku klux klanৰ মুখাপিন্ধা সদস্যসকলে৷
আমেৰিকাৰ সেই ইতিহাসক আমি এবাৰ ভালদৰে পৰ্য্যালোচনা কৰা উচিত৷ ku klux klan ৰ মুখাপিন্ধা সদস্যসকলৰ মনত এই ধাৰণা সুমুৱাই দিয়া হৈছিল যে তেওঁলোকৰ দুৰৱস্থাৰ মুল কাৰণ হ’ল সেই প্ৰব্ৰজনকাৰী কলা ছালৰ মানুহবোৰ৷ অৰ্থনীতি ৰাজনীতি সামাজিক অস্থিৰতা ইত্যাদি সমগ্ৰ সমস্যাৰ আঁৰত এই মানুহবোৰ৷ এই মানুহবোৰ ধৰ্ষণকাৰী, এই মানুহবোৰ সুবিধাবাদী, এওঁলোকৰ আছে অধিক সন্তান জন্মদিয়াৰ প্ৰৱণতা, যিটোৱে এদিন হয়তো নিশেষ কৰি পেলাব বগা মানুহৰ স্বাধীনতাক৷ সকলো পিনৰ পৰা আগুৰি ধৰি এদিন ক্ষমতা হস্তগত কৰি পেলাব সেইসকলে৷ এনেকুৱা নানা ধৰণৰ প্ৰপাগণ্ডা বিয়পাই দিয়া হৈছিল আৰু kkk ৰ নেতৃত্বত সেইসকল লোকৰ কিছুমানক ৰাজহুৱা স্থানত মৱ লিনচিং কৰা হৈছিল আৰু মৱ লিনচিংৰ সেই ফটোবোৰ বৰ গৌৰবেৰে প্ৰচাৰ কৰিছিল জনতাৰ মাজত৷ এনেকি মৱ লিনচিংৰ আনন্দ লবলৈ হাজাৰ হাজাৰ জনতাক নিমন্ত্ৰণো কৰা হৈছিল বিশেষ স্থানবোৰত৷ আমেৰিকাৰ ইতিহাসত আজিও kkk এটা ভয়ংকৰ নাম৷ আচৰিতভাৱে বগা মানুহৰ প্ৰভুত্ব(White Supermacy) বিচৰা এই সন্ত্ৰাসী কাৰবাৰটোত অধিক উদগণি যোগাবলৈ ১৯১৫ চনত নিৰ্মাণ কৰা হৈছিল The Birth of a Nation নামৰ এখন চিনেমা৷ যিখন চিনেমাৰ বিৰুদ্ধে ৰাজপথত নামিছিল প্ৰতিবাদী জনতা কিন্তু সকলো প্ৰতিবাদক নেওচি চিনেমাখনে বিপুল সমাদাৰ লাভ কৰিছিল আৰু কৰিছিল উৎকৃষ্ট ব্যৱসায়৷ কিছুবছৰ আগতে আমাৰ ভাৰতত দ্যা কাশ্মীৰ ফাইলচ্ নামৰ চিনেমাখনে এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি জগাই তুলিছিল ব্যাপক ঘৃণা, বিদ্বেষ৷ এই ঘৃণা-বিদ্বেষক সম্বল কৰিয়েই চিনেমাখনে সাংঘাতিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল৷
কথাবোৰৰ কৰবাত মিল দেখা পোৱা গৈছে এতিয়া৷ সেই ইতিহাস যেন ঘূৰি আহিব বিচাৰিছে অলপ ভিন্ন মিশ্ৰণ লৈ৷ সেই ইতিহাসৰ প্ৰতিফলন আমি দেখিবলৈ পাইছো আমাৰ ভাৰতবৰ্ষত, চুবুৰীয়া বাংলাদেশ, পাকিস্তান, আফগানিস্তান, নেপাল আদি দেশত৷ ধৰ্মীয় মৌলবাদীসকলে এতিয়া মুকলিভাৱেই কব বিছাৰিছে মৱ লিনচিংৰ কথা৷ ইতিমধ্যে তেনেকুৱা কেবাটাও ঘটনা আমাৰ দেশতো সংঘটিত হৈ গৈছে৷ হিন্দুত্ববাদৰ নামত এচামে এতিয়া স্পষ্টভাৱে আৰু গৌৰৱেৰে সামাজিক মাধ্যমত প্ৰচাৰ কৰে সংখ্যালঘু তথা দলিত মানুহৰ ওপৰত কৰা হিংসা আৰু নিৰ্যাতনৰ আলোকচিত্ৰ৷ মুকলিভাৱে বিলায় ঘৃণাৰ বাণী৷ হিন্দুত্ববাদৰ ফেৰিৱালাই সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰে সাম্প্ৰদায়িকতাৰ বিভেদবাণী৷
বুকাৰ বিজয়ী বিশিষ্ট ভাৰতীয় লেখিকা তথা সমাজকৰ্মী অৰুন্ধতী ৰয়কে ধৰি
দেশৰ কেবাগৰাকী বুদ্ধিজীৱী ইয়াৰ বিৰুদ্ধে সোচ্ছাৰ হৈ আছে দীৰ্ঘদিনৰ পৰা৷ বহুতে ইয়াৰ বিৰুদ্ধাচৰণ কৰি জীৱন পৰ্যন্ত বলিদান দিবলগীয়া হৈছে৷ কিন্তু ইমানৰ পিছতো কমি অহা নাই ধৰ্মীয় মৌলবাদী চিন্তা-চৰ্চা আৰু ডাইলগবাজি৷
যিসময়ত আমাৰ ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষ ক্ষুধা আৰু অৰ্থনৈতিক দুৰৱস্থাৰ লগত যুঁজ দিব লগাত পৰিছে, সীমান্তত বহিঃশত্ৰুৰ বিৰুদ্ধে যুঁজ দিব লগাত পৰিছে সেই সময়ত দেশৰ ভিতৰতে ধৰ্মীয় সাম্প্ৰদায়িকতাৰ লগত মোকাবিলা কৰিব লগাটো অতি দুৰ্ভাগ্যজনক৷
কিন্তু আনফালে বাংলাদেশত কি হৈ আছে? ধৰ্মীয় উন্মাদনাই গোটেই দেশখনত এতিয়া জুই লগাই আছে৷ বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে৷ অতি নিৰ্মমভাৱে ৰাজপথত টানি আনি হত্যা কৰা হৈছে৷ জ্বলাই দিয়া হৈছে ঘৰবাৰী৷
ধৰ্মীয় মৌলবাদী চিন্তাধাৰাৰে ভৰি থকা এই সমাজত জানো মানুহ মানুহ হৈ থাকিব? মৌলবাদীৰ কবলত পৰি কেবাখনো দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ব্যৱস্থা ইতিমধ্যে ধ্বংস হৈ গৈছে৷ লাহে লাহে মানচিত্ৰৰ পৰাই নাইকিয়া হোৱাৰ উপক্ৰম হ’ব ধৰিছে সেইসমূহ দেশ৷
কিন্তু আমি একো শিক্ষা ল’ব পৰা নাই৷
সচেতন মহলে কথাবোৰ ভালদৰে অনুধাৱন কৰাৰ সময় আহি পৰিছে এতিয়া৷ ভয়ানক ষড়যন্ত্ৰমূলক তত্ত্বৰে আগবাঢ়ি গৈ আছে এই বিশ্ব তথা আমাৰ দেশ৷
আকৌ যেন ঘূৰি নাহে সেই কলা সময়বোৰ৷ ঘূৰি নাহে যেন হিটলাৰ৷ ৰাজপথত যেন সংঘটিত নহয় হল’কাষ্টৰ৷
গতিকে সেই লিনচিং কাৰ্য একপ্ৰকাৰ জম্বী ঘাতকৰ কাৰ্যৰ লগত তুলনা কৰিব নোৱাৰিনে?
সেই কাৰণেই পয়োভৰ ঘটিছে নেকি জম্বী চিনেমাবোৰৰ? আমাক সজাগ কৰিবলৈ নে আমাৰ ৰক্তৰ ধমনীক অধিক গৰম কৰিবলৈ?
চিনেমাত দেখুৱাই থকা সেই জম্বী ঘাতকবাহিনীতকৈ আমি কেইখোজমান আগত নে পিছত বাৰু?
যিসকলে The walking dead চিৰিজখন চাইছে তেওঁলোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছে যে আমাৰ পৰৱৰ্ত্তী জীৱন সংগ্ৰাম হয়তো বৰ বেছি সুখকৰ নহ’ব৷ পুঁজিবাদে গঢ়ি তোলা এই সীমাহীন প্ৰাচুৰ্য্য-বৈভৱৰ কোনো মূল্য নাইকিয়া হৈ যাব এটা সময়ত৷ অদূৰ ভৱিষ্যতে অতি কঠিন পৰিস্থিতিৰ মাজেৰে মানৱ সমাজ জীয়াই থকাটোৱেই হৈ উঠিব পাৰে একমাত্ৰ বিষয়৷
খহি পৰিব আমাৰ অহংকাৰ৷
গতিকে ক’ব পাৰি জম্বী বিষয়ক চিনেমা অথৱা চিৰিজবোৰে আওপকীয়াকৈ আমাক সজাগ কৰি দিয়া হৈছে ইয়াৰ দ্বাৰা৷ পৰৱৰ্ত্তী জীৱন যুদ্ধৰ বাবে সাঁজু হ’বলৈ কোৱা হৈছে৷
তেন্তে আমাৰ অহংকাৰ কিয়? কিয় আমি ইমান মৰিয়া হৈ পৰিছো উচ্চতকৈই উচ্চ স্থানত গৈ পাবলৈ৷ কিয় আমি প্ৰকৃতিৰ বিৰুদ্ধে কাম কৰিবলৈ লৈছোঁ?
ইায়ৰ ফল নিশ্চয় এদিন পাম আমি৷
শেহতীয়াভাৱে এক নতুন জম্বীয়ে আজিৰ চলন্ত সমাজৰ গতিৰ লগত বিচৰণ কৰি থকা দেখা গৈছে বুলি যথেষ্ট চৰ্চা হৈ আছে৷
কি এই নতুন জম্বী?
কেইবছৰমান আগতে Netflix যোগে এখন ডকুমেণ্টৰী ড্ৰামা মুক্তি দিয়া হৈছিল৷
The social Dilemma.

এই ডকুমেণ্টৰী ড্ৰামাখনত স্পষ্টভাৱে ভয়ানক এক Techno Zombie ৰ কথা উল্লেখ কৰা হৈছে৷ যাৰ নাম ছোচিয়েল মিডিয়া৷ ফেচবুক, হোৱাটচ্এপ, ইনষ্টাগ্ৰাম আদি৷ এই সকলোবোৰ সামাজিক মাধ্যমক ডকুমেণ্টৰীখনে দ্বিধাহীনভাৱে কৈছে যে এই সামাজিক মাধ্যমসমূহ হৈ পৰিছে আধুনিক পৃথিৱীৰ টেকনিকেল জম্বী৷ হিংসা, ঘৃণাসুচক মন্তব্য, সামাজিক বৈষম্যতাৰ পৰিচায়ক, হাজাৰ হাজাৰ ফেক নিউজ(Fake News)ৰ প্ৰচাৰক, অন্ধবিশ্বাস, সাম্প্ৰদায়িকতাবাদ, চাইবাৰ বুলিং ইত্যাদি অজস্ৰ মানৱসমাজবিৰোধী চিন্তা আৰু তথ্যৰে ভৰাই তোলা হৈছে এতিয়া সামাজিক মাধ্যমৰ মজিয়া৷ বিশেষজ্ঞসকলে অকপটে স্বীকাৰোক্তি দিছে যে ছোচিয়েল মিডিয়া এতিয়া নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে৷ এনেকি স্বয়ং ছোচিয়েল মিডিয়াৰ বিখ্যাত বিখ্যাত টেকনিকেল এক্সপাৰ্ট সকলেও পাত্তা পোৱা নাই যে যন্ত্ৰই কেনেদৰে নিজস্বভাৱে ইমানবোৰ আচৰিত কাম কৰি গৈছে৷ যিসকলে আৰ্নল্ড ছোৱাজেনগাৰ অভিনীত Terminator চিৰিজৰ চিনেমাসমূহ চাইছে তেওঁলোকৰ বুজাত অসুবিধা নহ’ব যে আৰ্টিফিচিয়েল ইণ্টেলিঞ্চৰ (এ আই) এই উত্থানৰ দিনত মানুহ আৰু যন্ত্ৰৰ মাজৰ যুদ্ধখন যে বৰ বেছি দুৰৈত নহয়৷ বিভিন্নজনে এতিয়া ছোচিয়েল মিডিয়াক নিজস্ব বাহাদুৰি দেখুৱাই ব্যৱহাৰ কৰিবলৈ লৈছে নিজৰ স্বাৰ্থত৷ সি লাগিলে নিৰ্বাচনী ৰণনীতিৰ কাৰণেই হওক বা হোৱাটচ্ এপ ইউনিভাৰ্চিটিৰ যোগেদি হিংসা বা ধৰ্মীয় সাম্প্ৰদায়িকতা বিয়পাই দিয়াৰ স্বাৰ্থতেই হওক৷ এই ছোচিয়েল মিডিয়াৰ কাৰণেই চাইবাৰ বুলিংৰ চিকাৰ হৈ অজস্ৰ যুবক-যুৱতীয়ে বাচি লব লগা হৈছে আত্মহননৰ পথ, বিলুপ্ত হৈছে মানুহৰ ব্যক্তিগত সত্তা (Privacy policy) ৰ পৰিচয়, ছেকেণ্ডতে কাৰোবাক অপৰাধী সজাই মানসিকভাৱে হত্যা কৰি পেলোৱা হয়, নিমিষতে কোনো বাচ-বিচাৰ নোহোৱাকৈ জাজমেণ্ট দি দিয়া হয়৷ ৰাতিটোৰ ভিতৰতে কাৰোবাক হিৰো সজোৱা হয়, কাৰোবাক ভিলেইন৷ ফলত ঘণ্টাই ঘণ্টাই বাঢ়ি গৈছে মৱ লিনচিংৰ ঘটনা, বাঢ়ি গৈছে পাৰিবাৰিক সংঘাত, ভয়ানকভাৱে মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ধৰিছে মানুহৰ৷
কেতিয়াবা সোপাধৰা, কেতিয়াবা ক’লা মানুহ, কেতিয়াবা আজমল, কেতিয়াবা কাৰোবাৰ নগ্ন ফটো ভিডিও৷
ইযাৰ মুল আঁৰতেই হ’ল আধুনিক জম্বী ছোচিয়েল মিডিয়া৷
আপুনি মই যিমানেই চেষ্টা নকৰো কিয়, আমি আৰু উভতি যাব নোৱাৰো৷ ইণ্টাৰনেটৰ মকৰাজালত আমি এতিয়া বন্দী৷ আমি এতিয়া একো একোটা প্ৰডাক্ট৷ আমাকেই প্ৰডাক্ট বনাই আমাৰেই বজাৰত এতিয়া আমাকেই বিক্ৰী কৰি থকা হৈছে বাৰম্বাৰ৷ বিশেষজ্ঞৰ ভাষাত-If you not paying for it( Products), you become the product.
লাহে লাহে ভয়াৱহ ভৱিষ্যতৰ পিনে গতি কৰি আছে আমাৰ পিছৰ প্ৰজন্ম৷ ইয়াৰ বৰ্ণনা হ’ব পাৰে অধিক বিস্তাৰিত৷ কেইটামান পৃষ্ঠাত ইয়াৰ বিশদ ব্যাখ্যা আগবঢ়োৱাতো সহজ নহয়৷ কথাবোৰ প্ৰতিজন ৰক্ত-মাংসৰ হৃদয়বান লোকে চিন্তাচৰ্চা কৰা উচিত৷
প্ৰশ্ন হ’ল চিনেমাত দেখুৱাই থকা সেই জম্বী নৰখাদকতকৈ আমি কেইখোজমান আগত নে পাছত? আমাৰ মানৱ জাতিৰ জিঘাংসু কাৰ্যকলাপৰ উদাহৰণ দি শেষ কৰিব পাৰিম জানো?
লক্ষ লক্ষ উদাহৰণেৰে ভৰি পৰিব এই পৃষ্ঠা৷
লাহে লাহে আমি সেই জম্বী ঘাতকৰ দৰেই হৈ পৰিম নিশ্চয়৷ ইজনে সিজনক ভক্ষণ কৰিম৷ বখলিয়াই আনিম কলিজা৷
জীৱনৰ বাবে আৰু কি কি পৰ্যায়ৰ মুখামুখি হবলৈ সাজু থাকিব লাগিব আমি?
সাজুহৈ থাকক৷
আপোনাৰ মোৰ আগে পিছেও বিচৰণ কৰি থাকিব পাৰে একধৰণৰ নীৰৱ ঘাতক৷ অকল জম্বীয়েই নহয়, ভিন্ন শ্ৰেণীৰ ভিন্ন নামৰ এই ঘাতকৰ তালিকা এতিয়া দীঘলীয়া হৈ গৈ আছে৷
(পূৰ্ব প্ৰকাশ–সাদিন)
………………………………………………
