Written by 7:06 pm Creative

ভগৱান যিশু, The Beatles আৰু ৰক্তাক্ত জন লেনন


কল্পনা কৰাচোন এবাৰলৈ তুমি
 যে স্বৰ্গ বুলিবলে একো নাই

কোনো নৰকো নাই আমাৰ ভৰিৰ তলত

নাই কোনো ধৰ্মও……



১৯৮০ চনৰ ডিচেম্বৰৰ ৮ তাৰিখ৷
আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ সেই সন্ধিয়াটোত নিজৰেই এক অনুৰাগীৰ হাতত নিধন হৈছিল জন লেনন৷
জন লেনন৷
বিশ্বখ্যাত ৰ’ক মিউজিক বেণ্ড The Beatles ৰ প্ৰধান গায়ক, গীতিকাৰ, কবি, চিত্ৰশিল্পী, মানবতাবাদী সমাজকৰ্মী জন লেনন৷ সমগ্ৰ বিশ্বক ৰ’ক গীতৰ সুৰ তালেৰে মোহাছন্ন কৰি ৰখা বিটলচ্৷ আচলতে বিটলচ্ নামটোৱেই যথেষ্ট, অনুৰাগীৰ মন মতলীয়া কৰিবলৈ৷ সেই ষাঠি দশকৰ পৰা এতিয়ালৈকে৷ বৰ বেছি ব্যাখ্যাৰ হয়তো প্ৰয়োজন নাই৷ এটা বিশাল গান, এক বিশাল নব্য সাংস্কৃতিক চেতনাবোধ আৰু এই বিশ্বৰ সংগীতানুৰাগী৷
ইমানখিনিয়ে—The Beatles
সেই গৰাকী যুগজয়ী সংগীত শিল্পী হত্যাৰ বলি হৈছিল আততায়ীৰ দ্বাৰা৷
হত্যাকাৰী আছিল মাৰ্ক ডেভিদ চেপমেন৷
ধৰ্মীয় চেতনাই সামান্য দ্বিধাগ্ৰস্ত কৰা এটা চাইকোডেলিক চৰিত্ৰ আছিল মাৰ্ক ডেভিদ চেপমেন৷ লেননক হত্যা কৰিবলৈ যিজনে নিজৰ সাঁচতীয়া ডলাৰেৰে ক্ৰয় কৰিছিল বন্দুক৷ সেই বন্দুকটোৰে গুলিবিদ্ধ কৰাৰ কিছুসময় আগতে সাধাৰণ এগৰাকী অনুৰাগীৰ দৰে চেপমেনে লেননৰ পৰা লৈছিল অটোগ্ৰাফ৷ তাৰপাছত কিছু সময় অপেক্ষা৷ অপেক্ষাৰ অন্তত ডেক’টাস্থিত লেননৰ বাসগৃহৰ সন্মুখত শীতল মস্তিস্কেৰে শূন্য দুৰত্বৰ পৰা নিক্ষেপ কৰে পাঁচটা গুলি৷ আচৰিতভাৱে লেননক গুলিবিদ্ধ কৰাৰ পাছত সেই স্থানৰ পৰা পলাই আঁতৰি যোৱা নাছিল চেপমেন৷ আহত লেননৰ কাষত বহি পঢ়িবলৈ মেলি লৈছিল “দ্যা কেচেল অৱ ৰাই’’ নামৰ এখন কিতাপ৷ যিখন কিতাপৰ পাতে পাতে বৰ্ণনা কৰা আছিল হত্যা, হিংসা আৰু যৌনতাৰ কথা৷
মৃত্যু হৈছিল এটা বিশাল গানৰ৷ এক বিশাল সামাজিক সাংস্কৃতিক চেতনাবোধৰ৷
আচৰিতভাৱে এই ঘটনাৰ পটভূমি কিন্তু ৰচিত হৈছিল তাৰ বহু বছৰ আগতেই৷ সম্ভৱত ১৯৬৬ চনৰ পাছৰে পৰা৷


আমেৰিকান সমাজ জীৱনত ku klux klan চমুকৈ KKK তেতিয়া এক ভয়ংকৰ নাম৷ আমেৰিকাত বগা মানুহৰ প্ৰভুত্ব স্থাপনৰ নামত এফালৰ পৰা হত্যা কৰি গৈছিল সক্ৰিয় সমাজকৰ্মী, গণতান্ত্ৰিক ভাৱাপন্ন সমাজকৰ্মী, কমিউনিষ্ট, ইহুদী আৰু প্ৰব্ৰজনকাৰী ক’লা ছালৰ মানুহক৷ খ্ৰীষ্টানিটিৰ নামত আৰু দেশত বগা মানুহৰ প্ৰভুত্ব অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থত ৰাজহুৱা স্থানত পাইকাৰী হাৰত KKK দ্বাৰা কৰা হৈছিল মৱ লিনচিং৷ এনেকুৱাও হৈছিল যে পাইকাৰী হাৰত কৰা মৱ লিনচিংৰ আনন্দ লবলৈ নাগৰিক সকলক আমন্ত্ৰণ জনোৱা হৈছিল ৰাজহুৱা স্থানত৷ মৱ লিনচিংৰ ফটোবোৰ আঁৰি দিয়া হৈছিল দেৱালত, পথৰ দাঁতিৰ গছবোৰত৷ এনেকুৱাই আছিল KKK ৰ ধৰ্ম আৰু প্ৰভুত্ব ৰক্ষাৰ কামকাজ৷
চিভিল ৱাৰৰ পিছৰে পৰা এই ধৰণৰ আৱহাৱাৰে চলি আছিল তেতিয়াৰ আমেৰিকা৷ ধৰ্মান্ধ আৰু চেতনাবোধহীন মানুহ এচামে সমাজ জীৱনক লৈ যাব বিচাৰিছিল বধ্যভূমিলৈ৷ বৰ্ণবাদী হিংসা-ঘৃণাই ছানি ধৰিছিল যি এতিয়ালৈকেও অবিৰতভাৱে বিদ্যমান৷


উল্লেখ কৰা প্ৰয়োজন যে কিছুবছৰ আগতে মুক্তি পোৱা- blackkklansman নামৰ আমেৰিকান চিনেমা এখনত kkk ৰ হিংসাত্মক কামকাজ আৰু সেই সময়ৰ ঘটনা প্ৰবাহৰ কিছু উমান দিয়া হৈছে৷ আগ্ৰহীসকলে চিনেমাখন চাব পাৰে৷
তেনেকুৱা এক সময়ত বিশ্বৰ ইমুৰৰ পৰা সিমুৰলৈ জনপ্ৰিয় Beatles ৰ প্ৰখ্যাত জন লেননৰ এটা সাক্ষাৎকাৰ লোৱা হৈছিল -The London evening standard কাকতৰ পৰা৷ কথাই কথাই লেননে ধেমালিতে কৈ গৈছিল কিছু কথা যিখিনি কথাৰ সাৰমৰ্ম আছিল এনেকুৱা যে—“বিটলচে এতিয়া ভগৱান যিশুকো চেৰ পেলাই গৈছে৷ যিশুতকৈ এতিয়া বিটলচ্ বেছি জনপ্ৰিয়৷ মানুহে যিশুতকৈ এতিয়া বিটলচক বেছি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে৷ এদিন ভগবান যিশু হয়তো এই বিশ্বত অপ্ৰাসংগিক হৈ পৰিব কিন্তু ৰ’ক এণ্ড ৰল চিৰস্থায়ী হৈ ৰ’ব৷ আচলতে ভগবান যিশুৰ কোনো দোষ নাই৷ কিন্তু যিশুক অনুসৰণ কৰা তেওঁৰ অনুগামীসকল বজ্জাত অন্ধ আৰু ধুৰন্ধৰ৷ ”

ধৰ্মান্ধ সমাজ এখনত এনেকুৱাকৈ কৈ দিয়াৰ পাছত কি হ’ব পাৰে এবাৰ ভাবি চাওক৷ যদি সেইজন ব্যক্তি লেননৰ দৰে লোক হয়৷


বিটলচৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছিল৷ দম বান্ধি জ্বলাই দিয়া হৈছিল বিটলচৰ ৰেকৰ্ডবোৰ৷ য’লৈকে বিটলচ্ সংগীতানুষ্ঠান কৰিবলৈ যায় তাতেই প্ৰতিবাদ৷ ৰেডিওত বিটলচৰ গান বজোৱা বন্ধ কৰি দিয়া হৈছিল৷ দেৱাল লিখন, প্লেকাৰ্ড, সমদল এইবোৰৰ উপৰিও বিটলচৰ সংগীতৰ মঞ্চত নিক্ষেপ কৰা হৈছিল ফটকা বোমা৷
সাংবাদিক মেলযোগে ক্ষমা খুজিছিল জন লেননে৷ নিজৰ বক্তব্যৰ ভুল স্বীকাৰ কাঢ়ি৷
কিন্তু নাই৷
তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল জন লেনন বাহিনী৷ তাৰ মাজতে তেওঁলোকে ভয়ে ভয়ে মুক্তি দিছিল “ৰিভলভাৰ’’ নামৰ এলবামটো৷ এই ঘটনাৰ পৰৱৰ্তী সময়ত অংগাগীভাৱে আন কিছুমান ঘটনাই এনেদৰে ক্ৰিয়া কৰিছিল যে ১৯৭০ চনৰ পাছত বিশ্বখ্যাত বিটলচ্ ভাঙি গৈছিল৷ লেনন আৰু প’ল মাৰ্কেটনিয়ে গঢ় দিয়া বিটলচ্ টুকুৰা টুকুৰ হৈ গৈছিল৷
তাৰপাছৰ দহটা বছৰ লেননে নিজাববীয়াকৈ সংগীতৰ উপৰিও ব্যস্ত আছিল যুদ্ধ বিৰোধী স্থিতিত৷ ভিয়েটনাম যুদ্ধৰ তীব্ৰ বিৰোধীতাৰে লেনন ভাগ লৈছিল প্ৰতিবাদত৷ কৰি গৈছিল বিভিন্ন সামাজিক কামকাজ৷
আৰু ১৯৮০ ৰ ৮ ডিচেম্বৰৰ সেই সন্ধিয়াটোত নিশেষ হৈ যায় সেই সত্তা৷


কথা হ’ল আমি কিয় পাতিবলৈ লৈছো বিটলচ্, জন লেনন অথবা ku klux klan ৰ কথা৷

বৰ বেছি দিনৰ আগৰ কথা নহয়৷ হজৰত মহম্মদক লৈ আমাৰ দেশত কি ধৰণৰ বিতৰ্কৰেই যে সূচনা হৈ নগল৷ শেষত এই বিতৰ্কৰ বলি কোন হ’ল?
গুজৰাটৰ কানহাইৱালাল নামৰ সাধাৰণ দৰ্জী এগৰাকী৷ যি অতি নৃশংসতাৰে হত্যাৰ বলি হৈছিল নিজৰ প্ৰতিষ্ঠানৰ ভিতৰতে৷
আঁৰত কোন?
হজৰত মহম্মদ?
সঁচাকৈয়ে হজৰত মহম্মদ আছিল নেকি এই হত্যাকাণ্ডৰ আঁৰত?
পয়গম্বৰ প্ৰাপ্তিৰ নামত হজৰত মহম্মদে জেহাদ কৰিবলৈ কৈছিল নেকি কেতিয়াবা? মানুহৰ ডিঙি কাটি বেহেস্ত গমনৰ বাট বিচাৰিবলৈ হদিছ দিছিল নেকি আল্লাই?
কেতিয়াবা জয়শ্ৰী ৰাম কেতিয়াবা আল্লাহু আকবৰ৷
আল্লা-ভগবান-গডক সন্মুখত ৰাখি অথবা আল্লা ,ভগবান, গডৰ নামত এই দেশত নৰহত্যা নতুন কথা নহয়৷ অজস্ৰ জনে বলিদান দিবলগীয়া হৈছে ধৰ্ম আৰু ভগবানৰ নামত৷ শেহতীয়া উদাহৰণ কানহায়ালাল৷ তালিকাত কেতিয়াবা হয়তো সোমাই যাব পাৰে আপোনাৰ বা মোৰো নাম৷ ধৰ্মীয় হিংসাই এনেদৰেই গা কৰি উঠিব ধৰিছে এতিয়াৰ সময়ত৷ ৰাম-ৰহিমক ৰক্ষা কৰি শান্তিৰ নামত যিসকলে তেজৰ ফাকু খেলিবলৈও কুণ্ঠাবোধ নকৰা হৈছে৷
ডেভিদ চেপমেন হ’তৰ দৰে লোকসকল আচলতে ধৰ্মান্ধ সমাজ এখনৰ সৃষ্টি৷ জন লেননৰ সেই সাক্ষাৎকাৰৰ পাছত লেননৰ গানৰ সাংঘাতিক ভক্তৰ পিছতো চেপমেনৰ মনত জন্ম হৈছিল ঘৃণাৰ৷ যিশুক অপমান কৰা কথাই চেতনাহীন কৰি তুলিছিল চেপমেনক৷ সেই ঘৃণা ধৰ্মান্ধ চেতনাই সৃষ্টি কৰা ঘৃণা৷ যি ঘৃণা আজিৰ সমাজত সহজলভ্য ভাৱে বিয়পাই থকা হৈছে৷ বলি হৈ গৈ আছে শ শ সাধাৰণ নাগৰিকৰ জীৱন আৰু জীৱিকা৷
ভগবান, গড বা আল্লাৰ নামত, ধৰ্মীয় উন্মাদনা আৰু ঘৃণামিশ্ৰিত ভাবাবেগৰ মাজত আমাৰ দেশ এতিয়া কলৈ গতি কৰি আছে সেয়া সকলোৱে দেখিছে৷
চকুৰ সন্মুখত দেখিছে, নিজ কানেৰে শুনিছে৷
কিন্তু তাৰপাছত কি কৰিছে? কিম্বা কৰিব পাৰিছে কি?

জন লেননে লিখিছিল সেই বিখ্যাত মানবীয় চেতনাবোধৰ গীততো৷
ইমাজিন৷

য’ত কল্পনা কৰা হৈছে এখন ধৰ্মহীন স্বৰ্গ নৰকৰ ভীতি নথকা সমাজৰ৷
এনেকুৱা সমাজ এখনৰ কল্পনা আপুনিও নকৰেনে কেতিয়াবা?
এই গীতটোৰ আলম লৈ বহুজনে বহু কবিতা গীত ইত্যাদি লিখিছে৷ মুনীন বৰকটকী বঁটাপ্ৰাপ্ত গল্পকাৰ প্ৰদুম্ন্য কুমাৰ গগৈয়ে “ইমাজিন” শীৰ্ষক নাম দি বিশ্বৰ বিভিন্ন বিখ্যাত গীতবোৰৰ অসমীয়া অনুবাদ কৰি প্ৰকাশ কৰিছে গ্ৰন্থ৷ মই নজনাকৈ আৰু কোনোবাই হয়তো কিবা সৃষ্টি কৰিছে৷
আহক—প্ৰদুম্ন্যই অনুবাদ কৰা জন লেননৰ সেই বিখ্যাত “ইমাজিন” শীৰ্ষক গীততো কবিতাৰ দৰে আমিও আওৰাও আজিৰ এই অস্থিৰ সময়ত৷


ইমাজিন
কল্পনা কৰাচোন এবাৰলৈ তুমি
যে সৰগ বুলিবলে একো নাই
অতি সহজ যদি তুমি ভাবা
কোনো নৰকো নাই আমাৰ ভৰিৰ তলত
ওপৰত কেৱল এখনেই আকাশ
কল্পনা কৰাচোন
প্ৰতিগৰাকী মানুহেই
জীয়াই আছে কেবল আজিৰ দিনটোৰ বাবেই
ভাবাচোন কতো কোনো দেশ নাই
এয়া কঠিন একোৱেই নহয়
কোনেও কাকো কৰিবলগীয়া নাই হত্যা
নাই কোনো ধৰ্মও
ভাবাচোন প্ৰতিজন মানুহেই
কৰিছে শান্তিৰে বসবাস
মই সপোনহে দেখিছো বুলি তুমি কব পাৰা
সেইজন কিন্তু কেবল ময়েই নহয়
আশা কৰো তুমিও যোগ হবা
কোনোবা এদিন
আৰু জী থাকিব পৃথিৱী এক হৈ
ভাবাচোন একো নাই মায়া মোহ বুলিবলেও
আচৰিত হ’ম যদিহে তুমি পাৰা
প্ৰয়োজন নাই ভোগ আৰু লোভৰ বাবে একোৰেই
ভাতৃত্ববোধেৰে এবাৰ ভাবাচোন
প্ৰতিজনে উদযাপন কৰিছে এই পৃথিৱীখন
মই সপোনহে দেখিছো বুলি তুমি ক’ব পাৰা
সেইজন কিন্তু কেবল ময়েই নহয় ◾️

(পূৰ্ব প্ৰকাশ—অবাক)

Visited 29 times, 1 visit(s) today
Subscribe to our creative news & articles We will be emailing you the updates.
Subscribe to the best creative feed.
Close Search Window
Close