
যাত্ৰা আৰম্ভ কৰাৰ আগতে যুৱকজনে জেপত যৎসামান্য যি ডলাৰৰ নোট আছিল সেয়াও পুৰি পেলাইছিল৷ ইয়াৰ আগতে নিজৰ জমাপূঞ্জীৰ ২৪০০০ ডলাৰ দান কৰি গৈছিল কোনো এক দাতব্য অনুষ্ঠানক৷ নিজৰ চাৰিচকীয়া বাহনখন চহৰৰ পৰা বহু নিলগৰ বান অধ্যূষিত এক অঞ্চলত এৰি থৈ গৈছিল৷ নষ্ট কৰি পেলাইছিল গাড়ীৰ নম্বৰ ফলক৷
বেগত সামান্য কাপোৰ-কানি৷ লগত এটা কেমেৰা৷ আৰু এটা বনৰীয়া সপোন৷
তাৰপাছত আৰম্ভ কৰিছিল যাত্ৰা৷
যুৱকজনে এৰি থৈ আহিছিল বন্য প্ৰতিযোগিতাৰ ব্যক্তিকেন্দ্ৰিক জীৱনটো৷ ক্ষমতা, লালসা, লোভ, নিজক প্ৰতিষ্ঠা কৰাৰ সকলো যুঁজ-বাগৰৰ পৰা মুক্ত হৈ পৰিপূৰ্ণ এক স্বাধীন জীৱন যাপনৰ বাবে ঘৰ পৰিয়াল সকলোকে এৰি গুচি আহিছিল৷ যুৱকজনে বিচৰা নাছিল পৰিয়ালৰ মানুহে তেওঁক বিচাৰি অহাটো৷ বিচৰা নাছিল কোনো ধৰণৰ সামাজিক নীতি-নীৰ্দেশনা তথা নিয়মৰ মাজত জীৱন পাৰ কৰাটো৷ যদি নিয়ম মানিবই লাগে তেন্তে সেই নিয়ম হ’ব প্ৰকৃতিৰ৷ য’ত কোনো স্থান নাই ভোগবাদৰ৷ নাই নিজক প্ৰতিষ্ঠা কৰাৰ যুঁজ বাগৰ৷ কাৰণ পুঁজিবাদ আৰু ভোগবাদে ব্যক্তিজীৱনত সদায় হতাশাৰহে সৃষ্টি কৰে, বাঢ়ি আহে সামাজিক অৱক্ষয়৷
সেই কাৰণেই বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক উৰ্ত্তীৰ্ণ হোৱাৰ পাছতেই এৰি আহিছিল চূড়ান্তভাবে ভোগবাদত ডুব যোৱা সমাজখন৷
সুখ্যাতিৰে স্নাতক উৰ্ত্তীৰ্ণ হোৱাৰ পাছতে দেউতাকে উপহাৰ হিচাপে দিব খুজিছিল এখন নতুন গাড়ী৷ কিন্তু তেতিয়ালৈকে বস্তুবাদী পৃথিৱীখনৰ পৰা মানসিকভাৱে বহু দূৰৈত গুচি আহিছিল যুৱকজন৷ জ্যেক লণ্ডন, লিও টলষ্টয়, হেনৰি ডেভিডৰ কিতাপ পঢ়া যুৱকজনে বস্তুবাদ আৰু তাৰ সামঞ্জস্যসমূহক প্ৰত্যাখ্যান কৰিবলৈ শিকিছিল৷ সেয়ে বিনাদ্বিধাই প্ৰত্যাখ্যান কৰিব পাৰিছিল সেইসমূহ ভোগবাদৰ বয়বস্তুক৷
বনৰীয়া সপোন এটাক বুকুত বান্ধি যুৱকজন আগবাঢ়ি গৈ আছিল৷ যাত্ৰা কালত যুৱকজনে সলনি কৰিছিল নিজৰ নাম৷
তাৰপাছত আৰিজনাৰ পৰা কেলিফৰ্ণিয়া, তাৰ পৰা মেক্সিকো আদি বিভিন্ন স্থানত বিভিন্ন মানুহৰ মাজত, কেতিয়াবা খোজ কাঢ়ি, কেতিয়াবা কোনোবা হিপ্পী দম্পতীৰ লগত, কেতিয়াবা খেতিয়কসকলৰ লগত, অৰণ্যৰ মাজত, নৈৰ পাৰত দুবছৰতকৈও বেছি সময় ঘূৰি ফুৰি শেষত ৰাওনা হয় আলাস্কালৈ৷
যুৱকজনৰ সপোনৰ সেই ঠাইটুকুৰালৈ৷
সেই বনৰীয়া সপোনটো পূৰ্ণ কৰিবলৈ৷
য’ত নাই কোনো নিয়মৰ মাজত চলা সমাজ, য’ত নাই ৰাজনীতি, ক্ষমতাৰ খোৱা কামোৰা, লোভ মোহ মায়া, নাই বস্তুবাদী পৃথিৱীখনক ভোক কৰিব নোপোৱাৰ বেদনা৷ লগত জেক লণ্ডনৰ call of the wild নামৰ গ্ৰন্থ, edible plants of jungle ৰ দৰে কিতাপ৷ সামান্য খোৱাবস্তু, কান্ধত ওলোমাই লোৱা উপহাৰ স্বৰূপে পোৱা এটা বন্দুক৷ ড্ৰাইভাৰে এজনে মৰমতে যুৱকজনক দান কৰা বৰফত পিন্ধা এযোৰ জোতা৷
তাৰপাছত আলাস্কাৰ বৰফে ঢকা বিশাল শূন্যতাৰ মাজত পোৱা ১৪২ নম্বৰৰ এখন পৰিত্যক্ত যাদুকৰী বাছত এশ চৈধ্যদিন৷ জনঅৰণ্যৰ পৰা বহু নিলগত, আধুনিক সা-সুবিধাৰ পৰা যোজন মাইল দূৰৈত অকলশৰে প্ৰকৃতিৰ নিয়মৰ মাজত৷
……আৰু তাৰ পিছত দুৰ্ভাগ্যজনক মৃত্যু৷
এই কাহিনী Chris Jhonson McCandless নামৰ যুৱকজনৰ৷
আপুনি হয়তো জীৱনত বহুসংখ্যক চিনেমাই উপভোগ কৰিছে৷ হাঁহি-কান্দোন, এক্সন-ৰোমাঞ্চ, কাৰিকৰী চমকৰ বিভিন্ন চিনেমা৷ পঢ়িছে বহু কাহিনী, গল্প, উপন্যাস কবিতা৷ তাৰপাছতো যদি এতিয়ালৈকে চোৱা নাই In to the Wild নামৰ চিনেমাখন তেন্তে কিবা এটা যেন মিচ কৰি আছে আপুনি৷ মই ভাবো, জীৱনক এক ভিন্ন দৃষ্টিভংগীৰে বিচাৰ কৰি চোৱাৰ যিসকলৰ হাবিয়াস আছে, ব্যক্তিকেন্দ্ৰিক জীৱনৰ খোলাটোত সোমাই পেৰাভৰ্ত্তি ধন-সোণৰ মাজত সোমাই থকাৰ যিসকলৰ ইচ্ছা নাই, যিসকলৰ এই পৃথিৱীৰ বিচিত্ৰ মানুহৰ জীৱনবোধ আৰু চিন্তাক উপলব্ধি কৰাৰ হাৱিয়াস আছে, যাক অহৰহভাৱে হাত বাউলি মাতি থাকে প্ৰকৃতিৰ ঐশ্বৰ্যই তেওঁলোকে নিশ্চিতভাৱে নিজক বিচাৰি পাব এই চিনেমাখনৰ মাজত৷
There is a pleasure in the pathless woods
There is a rapture on the lonely shore
There is society, where none intrudes,
By the deep sea and music in its roar
I love not man the less,
But nature more….
—Lord Byron
সত্য কাহিনীৰ ওপৰত নিৰ্মাণ কৰা এই চিনেমাখনৰ কাহিনীভাগ adaptation কৰা হৈছিল Jon krakauer ৰ in to the wild নামৰ গ্ৰন্থখনৰ পৰা৷ পৰিচালক Sean Penn৷
Chris Jhonson McCandless ৰ জন্ম হৈছিল ১৯৬৮ চনৰ ১২ ফেব্ৰুৱাৰীত৷ এমৰী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰজনে প্ৰতিযোগিতাৰ মাজত নিজকে বিলীন নকৰি, আমেৰিকাৰ ভোগবাদী সমাজৰ জীৱনধাৰাক ত্যাগ কৰি আলাস্কা অভিমুখে ৰাওনা হৈছিল৷ এয়া আছিল নব্বৈ দশকৰ আমেৰিকাৰ পুজিঁবাদী আৰু ভোগবাদী সমাজখনৰ প্ৰতি McCandless ৰ এক তীব্ৰ বিষেদগাৰ৷ চূড়ান্ত ভোগ-বিলাস আৰু বস্তুবাদী পৃথিৱীখনে যে ব্যক্তি জীৱন আৰু সমাজ জীৱনক মানসিক সুখ প্ৰদান কৰিব নোৱাৰে সেই কথা প্ৰচুৰ অধ্যয়নৰ জৰিয়তে বুজি উঠিছিল McCandless য়ে৷ প্ৰবল ভোগবাদী সমাজখনে সৃষ্টি কৰা ব্যক্তিকেন্দ্ৰিকতা, সামজিক বৈষম্যতা, পাৰিবাৰিক বিশৃংখলতা, এইবোৰৰ পৰা মুক্ত হৈ পৰিপূৰ্ণ এক স্বাধীন জীৱনৰ কামনাৰে McCandles য়ে এৰি আহিছিল সম্পদশালী মাক-দেউতাকৰ কাষৰ পৰা৷ যাপন কৰিব খুজিছিল বান্ধোনহীন এক মুক্ত জীৱন৷

নিজক প্ৰতিষ্ঠা কৰা আৰু সীমাহীন ধন আৰ্জন কৰা আৰু এই আৰ্জনেৰে নিজকে শিখৰত তুলি নিয়া৷ এই হাৱিয়াসতে মত্ত আজিৰ একাংশ লোক৷ অজস্ৰ মাটি-সম্পত্তিৰ লোভত মৰিয়া হৈ এচামে চলাই গৈছে লুটপাত৷ তৰা পিছতো শেষ হৈ আহে জানো বাসনা?
সেইসকলৰ মাজত McCandless ৰ জীৱনৰ আদৰ্শ আছিল ভিন্ন৷ ভোগ আৰু ক্ষমতাৰ বন্য লালসাই অহৰহ হাত বাউলি মাতি থকাৰ মাজত এই সকলো ত্যাগ কৰি ওলাই আহিব পৰাটো সেই সময়ৰ সমাজ জীৱনত সহজ কথা নাছিল৷ তাৰপাছতো কিন্তু ওলাই আহিব পাৰিছিল McCandless৷
সেই আদৰ্শ, চিন্তা আৰু নিজস্ব দৰ্শনৰ গভীৰতাৰ বাবে আজিও মানুহে পাহৰা নাই Chris Jhonson McCandless জীৱন আৰু in to the wild নামৰ চিনেমাখনক৷ বৰ্তমান সময়ত আলাস্কা ইউনিভাৰ্ভাচিটিৰ মিউজিয়ামত থকা সেই মেজিক বাছখন চাবলৈ এতিয়াও ভিৰ কৰে Chris Jhonson McCandless ৰ অনুৰাগীয়ে৷
In to the Wild চিনেমখন যে এখন সম্পূৰ্ণৰূপে নিখুত চিনেমা সেয়া নহয়৷ Chris Jhonson McCandless ৰ জীৱনৰ উদ্দেশ্য আৰু আদৰ্শৰ ক্ষেত্ৰতো আছে যথেষ্টখিনি অসামঞ্জস্য৷ প্ৰায়োগিক দিশত প্ৰকৃতিৰ মাজত জীৱন যাপন কৰিব গৈ কৰা সৰু সৰু ভুলবোৰে McCandlessৰ জীৱনক অকালতে নিঃশেষ কৰি দিলে৷ প্ৰকৃতিয়ে আচলতে প্ৰকৃতিৰ নিয়মেই মানে৷ প্ৰকৃতি মানুহৰ অধীন নহয়৷ ব্যক্তি বনাম সমাজ আৰু প্ৰকৃতি বনাম প্ৰকৃতিৰ লগত সহাৱস্থান— এই সংগ্ৰামখন চলাই নিয়াতো সহজ নহয়৷ সুস্থ দৰ্শন আৰু বাস্তৱিক জ্ঞান অবিহনে এই সংগ্ৰামত উজুটি খাব লগা হয়৷ তাতেই ভুল হৈছিল Chris McCandless ৰ৷
এশ চৈধ্যটা দিন সেই মেজিক বাছখনত কটোৱাৰ পাছত, অভাৱ অনাটনত বিষাক্ত খাদ্য খাই ১৯৯২ চনৰ ১৮ আগষ্টত মৃত্য হয় Chris Jhonson McCandless ৰ৷ নিজৰ সপোনৰ ঠাইটুকুৰাত সাৱটি ল’বলগীয়া হয় দুৰ্ভাগ্যজনক মৃত্যুক৷ মৃত্যুৰ আগতে Chris McCandless য়ে নিজৰ ডায়েৰিত লিখি গৈছিল—I have had a happy life and thank the lord, goodbye and may god bless all.

আচলতে সুখী হ’বলৈ প্ৰয়োজন নাই অজস্ৰ ধন-সোণৰ৷ এই ভোগবাদী-বস্তুবাদী সমাজখনে আমাক সম্পূৰ্ণৰূপে দিব নোৱাৰে মনে বিচৰা শান্তি৷ মই ভাবো—মাজে মাজে প্ৰকৃতিৰ ওচৰলৈ যোৱাটো ভাল৷ বনৰীয়া সপোন এটা মনত পুহি ৰখাটো ভাল৷ মাজে মাজে Wild হৈ যোৱাটোও ভাল৷
কিন্তু সমাজক পিঠি দি হয়তো নহয়, নিসংগতাৰেও হয়তো নহয় কাৰণ McCandless য়ে নিজেই শেষত বুজি উঠিছিল সেই কথা যে Happiness is only real when shared,
কিন্তু এই বনৰীয়া সপোনটো পূৰ্ণ কৰিবলৈ যাওঁতে আমি মানি চলিব লাগিব প্ৰকৃতিৰ নিয়ম৷
……………………………………………………………..
2 attachment • Scanned by Gmail
