Written by 7:36 pm Culture

এটা গান আৰু বন্ধকীত ৰখা আমাৰ আত্মা

 

চিৰাংৰ কোনো অখ্যাত এক ভিতৰুৱা জনজাতি অধ্যুষিত গাঁৱৰ সন্ধিয়া এটাত বাজি উঠিছিল গানটো৷

কাষতে এটা গীৰ্জাঘৰ৷ গীৰ্জাঘৰৰ কাষৰে তৰাই বাঁহৰে নিৰ্মিত ঘৰ এটাৰ পৰা ভাঁহি আহিছিল গীটাৰৰ সেই ঝংকাৰ৷ থুঁতুৰিত দাড়ি থুটিয়াবলৈ লোৱা কোনোবা এগৰাকী জনজাতীয় কিশোৰে হয়তো অপৈনত হাতেৰে গীটাৰত গানটোৰ সুৰ তুলিবলৈ চেষ্টা কৰিছিল৷

ৰোডেছিয়াৰ আওহতীয়া এক অন্ধকাৰ গলিৰ পৰা ভাঁহি আহিছিল সেই গানটো৷ কাষত বাৰবনিতাৰ এক দীঘল শাৰী৷ আশে-পাশে উদভ্ৰান্ত নিচাসক্ত এটা যুৱকৰ দল৷ ফুটপাথত অজস্ৰ জাবৰ, পেলনীয়া বিয়েৰৰ বটল, অজস্ৰ বেমালুম ব্যবহৃত কনডম৷

গানটো বাজি উঠিছিল অষ্ট্ৰেলিয়াৰ মৰুপ্ৰান্তৰ কাষৰ এখন চৰাইখানাত৷

বাজি আছিল নিউয়ৰ্ক চহৰৰ ডিস্ক’ বাৰ এখনত৷ নিউ মেক্সিকোৰ কোকেইন সম্ৰাট এগৰাকীৰ ঘৰৰ কাষেৰে ধূলি উৰুৱাই পাৰ হৈ গৈছিল নিচাসক্ত এটা যুৱকৰ দল৷ কিন্তু জো ৱালছ্ ৰ সেই মিঠা আৱাজক গাড়ীৰ চাইলেঞ্চাৰৰ শব্দইও যেন তল পেলাব পৰা নাছিল৷

বাজি উঠিছিল ইটালীৰ নাপোলিৰ এখন ফুটবল গ্ৰাউণ্ডত৷

কেৰেলাৰ সাগৰ তীৰত মাছমৰীয়া নাও এখনত বহি কলেজীয়া ছাত্ৰ কেইজনমানে হাতত গীটাৰ লৈ সমবেতস্বৰত গাই আছিল সেই গান৷

অনুচ্ছ স্বৰত বাজি আছিল বৰপেটাৰোডৰ অধিবক্তা এগৰাকীৰ চেম্বাৰ এটাত৷ বাজি আছিল গুৱাহাটীৰ ৰাজগড় ৰোডৰ সৰু বাইলেন এটাত অৱস্থিত ফিল্ম ষ্টুডিও এটাত৷ শ্বিলঙৰ পাহাৰীয়া একাঁ-বেকা পথেৰে উঠি যোৱা tourist taxi এখনৰ মিউজিক চিষ্টেমত বাজি আহিছিল গানটো৷ খিৰিকীৰ কাষত বহি বমি কৰি কৰি আধামৰা হোৱা এগৰাকী মহিলা যাত্ৰী৷ গানটোৰ তালে তালে আঙুলিৰে ৰিডম মিলাই অন্যফালে এজন সপ্ৰতিভ খাচী যুৱক৷ মুৰত কাওবল হেড, গাত এটা পুৰণি লেডাৰৰ জেকেট৷

আৰু ক’ত?

আৰু কোনে?

হয়তো দীৰ্ঘদিন ধৰি অনাদায় বিলৰ টেনচনত থকা দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ এজনৰ পুৰণি মাৰুতি এল্টো এখনত মাজনিশাৰ আওহতীয়া পথ এটাত বাজি উঠে সেই গানটো৷

মগজুত গোলাপী নিচা৷ সন্মুখত ছয়াময়া অন্ধকাৰছন্ন পথ৷ অন্ধকাৰময় জীৱন ভৱিষ্যত৷ বাঢ়ি গৈ আছে ঋণৰ পৰিমাণ৷ বিকাশৰ নামত উদং হৈ আহিছে ৰাজভড়াল৷ কুৎসা ৰটনাৰ ৰাজনীতিত দেশ যাব ধৰিছে ৰসাতলে৷ চাইলেণ্ট অৱস্থাত থকা ফোনটোত গন্তি কৰি শেষ কৰিব নোৱাৰা মিচকল৷

This could be heaven or this could be hell.

হয়তো এয়াই স্বৰ্গ নহয়তো এয়া নৰক৷

আৰু ক’ত?

আৰু ক’ত?

হয়তো আপোনাৰ প্লে-লিষ্টতো আছে গানটো৷ মাজে মাজে ফুল ভলিউমত বজাই দিয়ে৷ খন্তেকৰ বাবে পাহৰি থাকে সকলো৷ পাহৰি থাকিব খোজে দেশ কালৰ কথা৷ আপুনি হৈ পৰে Hedonist. সুখৰ সকলো উপকৰণ বিচাৰি৷

Hotel California

সেই বিখ্যাত Eagles ৰ’কবেণ্ডৰ Hotel California ৰ কথাই ক’ব খুজিছো৷

কি যাদু সনা আছে এই গানটোৰ যে ১৯৭৬ চনৰ পৰা নিৰন্তৰে ই বাজিয়েই আছে বিশ্বৰ চুকেকোণে? গ্ৰেমীৰ দৰে এৱাৰ্ড লাভ কৰিছে, বিলিয়ন বিলিয়ন কপি বিক্ৰী হৈছে৷ জনপ্ৰিয় ৰ’ক সংগীতৰ তালিকাত আজিও জিলিকি আছে সেই গান৷

কিন্তু লক্ষাধিক অনুৰাগীৰ মনগহনত বিভিন্ন অৰ্থ, বিভিন্ন অন্তৰ্নিহিত ভাৱৰ চিটিকণি৷ গানটোক লৈ বিভিন্ন ব্যাখ্যা৷

তাৰপিছতো অনুৰাগী ফেইলাৰ৷ গানটোৰ অন্তৰ্নিহিত ভাৱ আচলতে কি?

একাধিক সাক্ষাৎকাৰত গীতিকাৰ Don Henly, Don Felder আৰু Glan frey য়ে উল্লেখ কৰিছে যে Hotel California মূলতঃ অজ্ঞানতাৰ পৰা পোহৰলৈ কৰা এক যাত্ৰা৷

কি এই অজ্ঞানতা? কি এই পোহৰ?

 

আমেৰিকান পপুলাৰ ৰ’ক কালচাৰ তেতিয়া তুংগত৷ ইউৰোপত বিভিন্ন বেণ্ডৰ দপ্‌দপনি৷ সমান্তৰালভাৱে ড্ৰাগছ, মাৰিজুয়ানা আৰু হিপ্পী সংস্কৃতিয়ে গা কৰি উঠিছে৷ কেতিয়াবা বিতৰ্কৰ একেবাৰে শেষ বিন্দুত উপনীত হৈছে ৰ’ক সংগীত আৰু শিল্পী৷ জিম মৰিশ্যনৰ অকাল মৃত্যু হৈছে৷ নাই এলভিচ প্ৰিচলী৷ ফ্ৰেডী অথবা কুইন নিজেই চন্দহীনতাত ভুগি আছে৷ দ্বিতীয় বিশ্বযুদ্ধ আৰু ভিয়েটনাম যুদ্ধৰ পাছত আমেৰিকান সমাজৰ একাংশৰ মাজত অস্থিৰতাই বিৰাজ কৰিছিল তেতিয়া৷ বাঢ়ি আহিছিল ভোগবাদী চিন্তা-চেতনা৷ এচামে মিলিয়ন মিলিয়ন ধনৰ পিচত দৌৰি ফুৰিছিল৷ দেশত গা কৰি উঠিছিল বন্দুক সংস্কৃতি৷ চি আই এ পিয়াপি দি ফুৰিছিল ইখন দেশৰ পৰা সিখন দেশলৈ—কেনেদৰে বহতীয়া কৰিব পাৰি একো একোখন গৰীৱ ৰাষ্ট্ৰ৷

আচৰিতভাৱে সাম্ৰাজ্যবাদী পথৰ আমেৰিকান ড্ৰীমক লৈ কিন্তু এচাম হৈ পৰিছিল বিতুষ্ট৷

তাৰ মাজৰেই এচামে এই ভোগ-বিলাসৰ পৰা আঁতৰি থাকিবলৈও চেষ্টা কৰি মগন হৈ পৰিছিল সংগীতত৷ ৰ’ক, ব্লুজ, জাজ্ ইত্যাদি ইত্যাদি সংগীতত ডুবাই ৰাখিছিল নিজকে৷ হাতত গীটাৰ, ৰিমজিম মাৰিজুয়ানাৰ নিচা৷

কিবা এটা সলনি কৰাৰ দৰকাৰ৷

ছন্দহীনতাৰ এই আমেৰিকান জীৱন আৰু সপোনৰ এটা ব্যাখ্যা দিয়াৰ দৰকাৰ৷ প্ৰলোভন আৰু অজ্ঞানতাত ডুব গৈ থকা চামক সামান্য পোহৰলৈ অহা পথ এটা দেখুৱাই দিয়াৰ দৰকাৰ৷

তেনেকুৱা এক সময়তে অৱসৰ বিনোদনৰ মাজতে তেওঁলোকে লিখি উলিয়ালে Hotel California

কিয় লিখিলে?

ইয়াৰ উৎসও আছিল এক ৰোমাঞ্চকৰ কাহিনী৷

পথভ্ৰষ্ট যুবক এগৰাকীৰ কাহিনীৰে ১৯৬৫ চনত John Fowles নামৰ উপন্যাসিক এগৰাকীয়ে এখন উপন্যাস লিখিছিল৷ নাম The Magus. জীৱনত সাংঘাতিক কিবা এটা নতুনত্ব কৰাৰ তাগিদাত যি বলিয়াৰ দৰে ভৱঘুৰে হৈ থাকে৷ সেইখন উপন্যাসৰ কাহিনীৰ নায়কক কল্পনা কৰিয়েই গীতিকাৰ Don Henly আৰু Glan frey য়ে আৰম্ভ কৰিলে গীতৰ কথা৷ লিখি উলিয়ালে হোটেল কেলিফ’ৰ্ণিয়া৷ আৰু ৰ’ক সংগীতত এয়া হৈ পৰিল এক সাংঘাতিক সৃষ্টি৷ এক কাহিনীৰ দৰে গীত৷ এয়া আচলতে কবিতা নে কোনোবা ভৌতিক শিহৰণকাৰী গল্পৰ বৰ্ণনা? নে কোনোবা উপন্যাস এখনৰ জুমুঠি৷

“এখন অন্ধকাৰ মৰুভূমিৰ হাইৱে পথেৰে যেতিয়া মই গৈ আছিলো৷

শীতল বতাহ মুৰত লাগিছিল৷

বতাহত ভাঁহি আহিছিল কলিটাছৰ উগ্ৰ গোন্ধ৷ ( স্পেনিছ ভাষাৰ শব্দ—যি গাঞ্জাৰ দৰে নিচাযুক্ত বস্তুক বুজায়)

কিছু আঁতৰত মই দেখিছিলো ধিমাক ধিমাক জ্বলি থকা এটি পোহৰ৷

মোৰ মুৰটো গধুৰ হৈ আহিছিল, অস্পষ্ট পোহৰৰ ৰেশ ভাঁহি উঠিছিল চকুৰ আগত৷

আজি ৰাতিটোৰ বাবে মই ৰৈ দিব লাগিব৷

দুৱাৰমুখত তাই ৰৈ আছিল, কৰ’বাৰ পৰা ভাঁহি অহা গীৰ্জাৰ ঘণ্টাধ্বনিৰ শব্দ মোৰ কাণত পৰিছিল৷

খন্তেক সময়ৰ বাবে ৰৈ মই ভাবিছিলো—হয়তো এয়াই স্বৰ্গ, নহয়তো এয়া নৰক’’

আচলতে হোটেল কেলিফোৰ্ণিয়া এনেকুৱা এটা অনুভূতিৰ গান—যিটো গানত আমাৰ বৈচিত্ৰ্যময় জীৱনৰ বহুখিনি দিশৰ অন্বেষণ কৰা হৈছে৷ জীৱনত আহি পৰা নানা প্ৰলোভন, আমাৰ প্ৰতিজন মানুহৰ পছন্দ-অপছন্দ, পোৱা-হেৰুৱাৰ অলেখ ৰহস্যময় দিশৰ সন্ধান উলিয়াই ল’ব পাৰি গানটোৰ মাজৰ পৰা৷ গানটোৰ ৰহস্যময় তথা ভৌতিক শব্দৰ মায়াজালে ইমান দকৈ চুই যায় যে হৃদয়ৰ গভীৰতাত ই বাৰম্বাৰ অনুৰণিত হৈ উঠে৷ অন্তনিহীত সত্যক অনুধাৱন কৰি শিঁয়ৰি উঠে মন৷

জীৱন কি?

 

জীৱনৰ এই প্ৰলোভনৰ পথৰ পৰা কি সঁচাই উভতি অহা সম্ভৱ নহয়? কি সঁজাত বন্দী আমি?

“চিলিঙত আছিল আইনা, শুভ্ৰ বৰফত গোলাপী চেম্পেইন৷

আৰু তাই কৈছিল, “ আমি আচলতে প্ৰত্যেকেই নিজৰ নিজৰ সঁজাত বন্দী একোজন মানুহ৷ ’’

এয়া আশীৰ দশকৰ বিশ্ব নহয়৷ প্ৰযুক্তিয়ে ছানি ধৰা সময় এটাৰে আমি খোজ কাঢ়িছো এতিয়া৷

তীব্ৰ প্ৰতিযোগিতাময় হৈ পৰিছে আমাৰ জীৱন৷ ব্যক্তিকেন্দ্ৰিক চিন্তা চেতনাই আমাক ডুবাই ৰাখে অহৰহ ভাৱে৷ অজস্ৰ আকাংক্ষাই প্ৰতিপল আমাক খেদি ফুৰিছে৷ সীমাহীন অতিৰিক্ত বাসনাই অস্থিৰ কৰি ৰাখিছে আমাক৷ কাৰোবাক লেং মাৰি হলেও সৰ্বোচ্চ শিখৰত আমি অৱস্থান কৰিব লাগে৷ টকা পইচা, গাড়ী বিল্ডিং, লাইক কমেণ্ট, ফলোৱাৰ্চ সকলো লাগে৷ ইয়াৰ বাবে ধাৰাল চুৰিৰে নেফানেফ কৰা হৈছে ন্যায় নৈতিকতা৷ মুঠতে আমাক লাগে৷ যেনেকৈ নহওক আজুৰি আনিব লাগে৷ এয়াই এতিয়াৰ নিৰ্মম সত্য৷৷

নালাগিবই বা কিয়? যিহেতু এবাৰৰ বাবেই পাইছো এই জীৱন৷

কিন্তু এই মায়াজালত আৱদ্ধ হৈ আমি কি পাইছোঁ? কি হেৰুৱাই গৈ আছো আমি?

সীমাহীন যন্ত্ৰণাৰে প্ৰতিপল পিষ্ট কৰিছো জীৱনক৷ ব্যক্তি জীৱন, সমাজ জীৱন, এই দেশ এই সময়ক কলুষিত কৰি গৈছো৷

এই লোভ মোহ প্ৰলোভন আৰু প্ৰতিষ্ঠা লাভৰ বাসনাৰ পৰা আমি পাৰিমনে ওলাই আহিব? কিন্তু যেতিয়াই আমি ওলাই আহিব বিচাৰো—তেতিয়া বহু দেৰি হৈ যায়৷

হোটেল কেলিফোৰ্ণিয়াৰ শেষৰ শাৰীটোত কোৱা হৈছে সেই কথা৷

You can check out any time you like, but you can never leave“

হ’ব পাৰে আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ৷ আমি হাজাৰবাৰ মুৰ্দাবাদ দিম ডনাল্ড ট্ৰাম্পক৷

তাৰপাছতো মাজে মাজে শুনি থাকিম Hotel California………

কাৰণ হোটেল কেলিফোৰ্ণিয়া প্ৰতীকহে মাথোঁ৷ আচলতে সেয়া জীৱন৷ লোভ, মোহ, বাসনা অথবা প্ৰলোভনৰ যন্ত্ৰণাৰে পিষ্ট কৰি ৰখা আমাৰ জীৱন৷ ◾◾

 

Visited 14 times, 1 visit(s) today
Subscribe to our creative news & articles We will be emailing you the updates.
Subscribe to the best creative feed.
Close Search Window
Close